Psalms 61

প্ৰধান বাদ্যকৰৰ প্রতি: তাৰযুক্ত যন্ত্ৰেৰে গাব লগীয়া। দায়ূদৰ ৰচিত গীত।

1হে ঈশ্বৰ, মোৰ ক্রন্দন শুনা;
মোৰ প্ৰাৰ্থনালৈ কাণ দিয়া।
2মোৰ মন দুখত যেতিয়া ভাঙি পৰে,
মই পৃথিবীৰ অন্তত থাকিলেও তাৰপৰা তোমাক মাতিম;
তুমি মোক মোতকৈ ওখ শিলটোলৈ লৈ যোৱা য’ত মোৰ নিৰাপত্তা আছে।
3কিয়নো তুমি মোৰ আশ্ৰয়,
শত্ৰুৰ পৰা ৰক্ষাকৰোতা দৃঢ় দুৰ্গ।

4মই যেন চিৰকাললৈকে তোমাৰ তম্বুত বাস কৰিবলৈ পাম;

তোমাৰ ডেউকাৰ আঁৰত মই যেন আশ্ৰয় পাম। [চেলা]
5কিয়নো হে ঈশ্বৰ, তুমিয়েই মোৰ সঙ্কল্পবোৰ শুনিলা।
তোমাৰ নামলৈ শ্রদ্ধা কৰাসকলৰ আধিপত্য তুমি মোক দিলা।

6তুমি ৰজাৰ আয়ুস দীর্ঘাযু় কৰিবা;

তেওঁ বয়স বহু পুৰুষলৈকে থাকিব।
7তেওঁ ঈশ্বৰৰ সাক্ষাতে চিৰকাল বাস কৰিব;
তেওঁৰ ৰক্ষাৰ অৰ্থে, দয়া আৰু সত্যতা ব্যৱহাৰ কৰা।

তাতে, মই চিৰকাললৈকে তোমাৰ প্ৰশংসাৰ গান কৰিম;

প্রতিদিনে নিজৰ সঙ্কল্প সিদ্ধ কৰিম।
8

Copyright information for AsmULB